নিজম পৰিল বাদুংদুপ্পাৰ শালনি, আকৌ এবছৰলৈ অপেক্ষা কৰিব নাট্যপ্ৰেমীয়ে

হাবিৰ মাজত নাট সমাৰোহ। নিজম পৰিল গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংদুপ্পা কলা কেন্দ্ৰৰ বাকৰি। প্ৰতি বছৰৰ দৰে এইবেলিও সফলভাবে সামৰণি পৰিল আণ্ডাৰ দ্যা ছাল ট্ৰি নাট সমাৰোহৰ।

বাদুংদুপ্পা কলা কেন্দ্ৰৰ উদ্যোগত ৩ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছিল ” আণ্ডাৰ দ্যা ছাল ট্ৰি” ২০২১ বৰ্ষৰ নাট সমাৰোহৰ। প্ৰয়াত নাট্যকৰ্মী শুক্ৰাচাৰ্য ৰাভাৰ সপোনৰ বাদুংদুপ্পা কলা কেন্দ্ৰই ব্যতিক্ৰমী ধাৰাৰে আয়োজন কৰিছিল এই অগতানুগতিক নাট সমাৰোহৰ। এই ধাৰা অব্যাহত ৰাখি বিগত ১২ বছৰ ধৰি ৰামপুৰ গাঁওৰ সংৰক্ষিত বনাঞ্চলত থকা শ শ শাল গছৰ মাজৰ এডোখৰ মাটিক মঞ্চৰ ৰূপ দি দিনৰ পোহৰত নাট সমাৰোহ অনুষ্ঠিত কৰি আহিছে।

বনাঞ্চলৰ মাজত মঞ্চ তৈয়াৰ কৰি সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশৰ মাজত মাইক তথা যান্ত্ৰিক শব্দ, বৈদ্যুতিক পোহৰৰ অবিহনে এই নাট সমাৰোহ অনুষ্ঠিত কৰা হয়। কৃত্ৰিম দৃশ্যসজ্জা, বৈদ্যুতিক পোহৰৰ স্পট, হেল’জেন লাইট, স্পার্ক, আধুনিক বাদ্যযন্ত্ৰ আদি সকলো অসাৰ কৰি সম্পূৰ্ণৰূপে থলুৱা সা-সৰঞ্জাম আৰু থলুৱা বাদ্যযন্ত্ৰক প্ৰাধান্য দি এই সমাৰোহ অনুষ্ঠিত কৰা হয়।

এইবেলি নাট সমাৰোহত পশ্চিমবংগ, তামিলনাডু আৰু মণিপুৰৰ এটাকৈ নাট্য দলৰ লগতে অসমৰ দুটা নাট্য দলে শালনিৰ তলত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত নাট মঞ্চস্থ কৰে। শুকুৰবাৰে কলাক্ষেত্ৰত মণিপুৰৰ মণিপুৰী ভাষাৰ ‘তামনা লাই’ ( হানটিং স্পিৰিট) নাটকৰ জৰিয়তে নাট সমাৰোহৰ সামৰণি পৰে। নাটখনত পদ্মশ্ৰী সাবিত্ৰী দেৱীয়ে অভিনয় কৰি সকলোকে আপ্লুত কৰে।

থলুৱা লোকনাট্য আৰু জনজাতীয় সংস্কৃতিক ব্যতিক্ৰমী ধাৰাৰে জীয়াই ৰখাৰ উদ্দেশ্য আগত ৰাখি বাদুংদুপ্পা কলা কেন্দ্ৰই বিগত ১২ বছৰ ধৰি এনে সমাৰোহৰ আয়োজন কৰি নিৰলস প্ৰচেষ্টাত ব্ৰতী হৈ আছে ।

বিশিষ্ট নাট্য কৰ্মী তথা ইণ্ডিয়ান থিয়েটাৰ ডিৰেক্টৰ সুনীল শানবাগে এই সমাৰোহৰ শুভাৰম্ভ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...

অন্ধ্ৰপ্ৰদেশত পথ নিৰ্মাণৰ সময়ত ভয়ংকৰ বিস্ফোৰণ; দুৰ্ঘটনাত প্ৰাণ গ’ল ৫জনৰ

অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতাৰাম ৰাজু জিলাত শনিবাৰে পুৱা পথ বহলীকৰণৰ...