গ্ৰেপ্তাৰ হ’ল ACA প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোঁহাই

গুৱাহাটীৰ পৰা যোৱা আৰক্ষীৰ এটা দলে ডিব্ৰুগড়ৰ টিংখঙৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে প্ৰদীপ বুঢ়াগোহাঁইক। আজি পুৱতি নিশা আৰক্ষীয়ে ACAৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনক লৈ ফটাশিল থানা পাই মহানগৰ আৰক্ষীয়ে। দুপৰীয়া আদালতত হাজিৰ কৰাব বিয়াগোম কেলেংকাৰিত অভিযুক্ত প্ৰদীপ বুঢ়াগোহাঁইক। ২০১৬-১৯ বৰ্ষলৈ ACAৰ সম্পাদক হৈ থকা সময়ত সংঘটিত হৈছিল অবাধ কেলেংকাৰি। নিবিদা অবিহনে ৰঙৰ কাম, প্ৰেক্টিছ গ্ৰাউণ্ডত মাটি পেলোৱা, চিতৰ নাম্বাৰিঙৰ নামত বৃহৎ পৰিমাণৰ ধন আত্মসাতৰ অভিযোগ।

আনকি বৰ্ষাপাৰা ষ্টেডিয়ামৰ আন্তগাথঁনি নিৰ্মাণৰ নামত ধন আত্মসাতৰ অভিযোগ। বৰ্তমানৰ ACAৰ কমিটিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ প্ৰদীপ বুঢ়াগোহাঁইক। যামচেদ খানৰ নেতৃত্বত ACAএ গঠন কৰি দিয়া কমিটিয়েও এই কেলেংকাৰিৰ তথ্য পোহৰলৈ আনিছিল। আনকি প্রদীপে পুত্ৰৰ বিমান যাত্ৰা আৰু হোটেলৰ ধনো অসম ক্ৰিকেট সন্থাৰ পইচা খৰছ কৰা বুলি তথ্য পোহৰলৈ আহিছে। কেৱল প্ৰদীপ বুঢ়াগোহাঁইয়ে নে? এই ৫০ কৌটিটকীয়া বৃহৎ কেলেংকাৰিত জড়িত থকাৰ অভিযোগ ACAৰ কোষাধক্ষসহ বহুজন বিষয়া-কৰ্মচাৰীও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...