মোদী চৰকাৰ অন্নদাতা কৃষক আৰু দৰিদ্ৰৰ প্ৰতি অসংবেদনশীল-ছোনিয়া গান্ধী

ছোনিয়া গান্ধীয়ে আজি কংগ্ৰেছৰ সংসদীয় দলৰ বৈঠকত সভাপতিত্ব কৰে। কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত প্ৰাণ হেৰুওৱা ৭০০ কৃষকক স্মৰণ কৰে ছোনিয়া গান্ধীয়ে। বৈঠকত ভাষণ প্ৰদান কৰি ছোনিয়া গান্ধীয়ে কয়, মোদী চৰকাৰ কৃষক আৰু সাধাৰণ মানুহৰ প্ৰতি অসংবেদনশীল। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে প্ৰতিটো পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থা।

ৰাজ্যসভাৰ ১২ জন সাংসদৰ নিলম্বনক ভুল বুলি অভিহিত কৰে ছোনিয়া গান্ধীয়ে। সীমান্ত সমস্যা সন্দৰ্ভত সংসদত সম্পূৰ্ণ আলোচনাৰ দাবী জনোৱাৰ কথাও উনুকিয়াই অন্তৱৰ্তীকালীন কংগ্ৰেছ অধ্যক্ষাগৰাকীয়ে। আজিৰ সভাত উপস্থিত আছিল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীও।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...