নগাঁৱত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে HIV ৰোগীৰ সংখ্যা!

নগাঁৱত তিনিটিকৈ শিশু আক্ৰান্ত HIVত। জিলাখনত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে HIV ৰোগীৰ সংখ্যা৷ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগটো। ৰাইজক সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনাইছে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষকে। বিশ্ব AIDS দিৱসৰ দিনা নগাঁৱত পোহৰলৈ আহিছে HIVৰ এই ভয়ংকৰ তথ্য।

পুৰুষ মহিলাৰ সমান্তৰালকৈ নগাঁৱৰ জখলাবন্ধাত HIVত আক্ৰান্ত হৈছে তিনিটাকৈ শিশু। উলেখ্য যে নগাওঁ জিলাৰ জখলাবন্ধা, ম’হখুলি, ধিং আৰু নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত সৰ্বাধিক লোক আক্ৰান্ত হৈছে HIVত। ইয়াৰে ভিতৰত নগাঁও অসামৰিক চিকিৎসালয়ত সৰ্বাধিক ২০৯ জন পুৰুষ মহিলা HIVত আক্রান্ত হৈছে বুলি জানিবলৈ দিয়ে চিকিৎসালয়ৰ অধীক্ষক ললিত চন্দ্ৰ নাথে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ

অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰৰ অংশ...

মাজুলীত ৪.৩২ গ্ৰাম হেৰ’ইনসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

মাজুলীত ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে।...

যোৰহাটত উদ্ধাৰ মিছাইলসদৃশ বিস্ফোৰক সামগ্ৰী, অঞ্চলজুৰি আতংকিত পৰিৱেশ

যোৰহাটত মিছাইলসদৃশ সামগ্ৰী উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য। যোৰহাটৰ কৱৰস্থান...