নেপালৰ ভয়াৱহ ভূমিস্খলনত সন্ধানহীন ৭ ভাৰতীয়

নেপালৰ ভূমিস্খলনৰ ঘটনাৰ শেহতীয়া খবৰ। ভয়াৱহ ভূমিস্খলনৰ ঘটনাত ভাৰতৰ ৭ জনকৈ পৰ্যটক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে। ভূমিস্খলনৰ ফলত ত্ৰিশূলী নৈত বাগৰি পৰিছিল দুখনকৈ বাছ। ভূমিস্খলনত দুয়োখন বাছত থকা ৬৩গৰাকীকৈ যাত্ৰী সন্ধানহীন। মধ্য নেপালৰ মদন-আশ্ৰী ঘাইপথত সংঘটিত হয় এই ঘটনা। পুৱতি নিশা ৩.৩০ বজাত সংঘটিত হয় এই শোকাৱহ ঘটনা। যাত্ৰীসকলক উদ্ধাৰৰ বাবে বৰ্তমানেও অব্যাহত অভিযান। বৰষুণৰ বাবে নৈৰ পানী বৃদ্ধি হোৱাত বাধাগ্ৰস্ত হৈছে উদ্ধাৰ অভিযান। ঘটনাত শোক প্ৰকাশ নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহালৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...