নেপালৰ ভয়াৱহ ভূমিস্খলনত সন্ধানহীন ৭ ভাৰতীয়

নেপালৰ ভূমিস্খলনৰ ঘটনাৰ শেহতীয়া খবৰ। ভয়াৱহ ভূমিস্খলনৰ ঘটনাত ভাৰতৰ ৭ জনকৈ পৰ্যটক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে। ভূমিস্খলনৰ ফলত ত্ৰিশূলী নৈত বাগৰি পৰিছিল দুখনকৈ বাছ। ভূমিস্খলনত দুয়োখন বাছত থকা ৬৩গৰাকীকৈ যাত্ৰী সন্ধানহীন। মধ্য নেপালৰ মদন-আশ্ৰী ঘাইপথত সংঘটিত হয় এই ঘটনা। পুৱতি নিশা ৩.৩০ বজাত সংঘটিত হয় এই শোকাৱহ ঘটনা। যাত্ৰীসকলক উদ্ধাৰৰ বাবে বৰ্তমানেও অব্যাহত অভিযান। বৰষুণৰ বাবে নৈৰ পানী বৃদ্ধি হোৱাত বাধাগ্ৰস্ত হৈছে উদ্ধাৰ অভিযান। ঘটনাত শোক প্ৰকাশ নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহালৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...