পুনেত ভাঙি পৰিল দলং; সন্ধানহীন ১৫জন পৰ্যটক

মহাৰাষ্ট্ৰৰ পুনেৰ ওচৰৰ ইন্দ্ৰায়ণী নদীৰ ওপৰত থকা এখন খোজকাঢ়ি যোৱা বাঁহৰ সাঁকো ভাগি পৰিছে। দেওবাৰৰ দুপৰীয়া এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰায় ২০জন লোক সাঁকোৰ পৰা নদীত পৰি যায়। আৰক্ষীৰ খবৰ অনুসৰি, তেওঁলোকৰ মাজৰ পৰা ৫-৬ জনক উদ্ধাৰ কৰা হৈছে। এতিয়াও ১০-১৫ জনৰ কোনো সন্ধান পোৱা নাই। নদীৰ খৰস্ৰোতা পানীৰ তীব্ৰ প্রবাহত কেইজনমান উটি গৈছে বুলিও আশংকা কৰা হৈছে।

এই দুৰ্ঘটনা পুনেৰ পিম্পৰি-চিঞ্চৱাৰ থানাৰ অন্তৰ্গত কুন্দমালা গাঁৱৰ ওচৰত সংঘটিত হৈছে। ইন্দ্ৰায়ণী নদীৰ কাষত থকা এই পুৰণি খোজকাঢ়ি যোৱা সাঁকো পৰ্যটকৰ বাবে এক জনপ্ৰিয় স্থান। সপ্তাহৰ শেষৰ ছুটীৰ দিনত নদীৰ পাৰত আৰু এই পুৰণি সাঁকোৰ ওপৰত বহু পৰ্যটকৰ সমাগম হয়। দেওবাৰৰ দিনাও সাঁকো আৰু ইয়াৰ আশে-পাশে পৰ্যটকৰ ভিৰ আছিল। দুৰ্ঘটনাত ডুব যোৱা লোকসকলৰ বেছিভাগেই পৰ্যটক বুলি আশংকা কৰা হৈছে।

ইন্দ্ৰায়ণী নদীৰ ওপৰৰ এই সাঁকোৰ অৱস্থা জৰাজীৰ্ণ। ইয়াৰ ওপৰত যান-বাহনৰ চলাচল বহু আগতেই বন্ধ কৰা হৈছিল। কিন্তু বৰষুণৰ সময়ত নদীৰ পানীৰ স্তৰ বৃদ্ধি পালে খৰস্ৰোতা পানী চাবলৈ বহু লোকে এই সাঁকোত ভিৰ কৰেহি। প্ৰাথমিকভাৱে অনুমান কৰা হৈছে যে, পানীৰ তীব্ৰ প্রবাহৰ ফলতেই সাঁকোখন ভাগি পৰিছে। স্থানীয় আৰক্ষীৰ এটা দল ইতিমধ্যে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে। ডুব যোৱা পৰ্যটকসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে। ঘটনাস্থলীত ১৫খন এম্বুলেন্স পঠিওৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...