অৱশেষত গ্ৰেপ্তাৰ নীলা ছবি নিৰ্মাণৰ পৰিকল্পনা ৰছা ৫ অভিযুক্ত

অৱশেষত গ্ৰেপ্তাৰ নীলা ছবি নিৰ্মাণৰ পৰিকল্পনা ৰছা ৫ অভিযুক্ত। কেনেকৈ গুৱাহাটীলৈ আহিল বাংলাদেশৰ যুৱতী? সমগ্ৰ বিষয়টোত মৌন মহানগৰ আৰক্ষী। কেইটামান টকাৰ বিনিময়ত সীমান্ত পাৰ কৰোৱাইছিল বাংলাদেশী যুৱতীক? লাষ্টগেটৰ হোটেলৰ কোঠাৰ পৰা আটক হৈছিল ৫ অভিযুক্ত। আৰক্ষীয়ে উদ্ধাৰ কৰিছিল বাংলাদেশৰ যুৱতীগৰাকীক। গ্ৰেপ্তাৰ জাহাংগীৰ আলম-ছফিকুল ইছলাম-ছফিকুল হক, ছাদ্দাম হুছেইন, মোল্লা জাহাংগীৰ। ৩১ জানুৱাৰীৰ পৰা হোটেলৰ কোঠাত আছিল বাংলাদেশৰ যুৱতীগৰাকী। গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাইছিল দিছপুৰ আৰক্ষীয়ে। হাতীগাঁৱৰ জাকিৰ নামৰ যুৱকে যুৱতীগৰাকীক চমজাই দিছিল জাহাংগীৰ–ছফিকুলক। ৭ হাজাৰ টকাৰ বিনিময়ত জাকিৰে যুৱতীগৰাকীক দিছিল জাহাংগীৰ-ছফিকুলক। জাকিৰৰ সন্ধান উলিওৱাত এতিয়াও ব্যৰ্থ মহানগৰ আৰক্ষী। বাংলাদেশৰ পৰা মেঘালয় হৈ অসমলৈ অনা হৈছিল ৭ যুৱতীক। কোনো নথি নোহোৱাকৈ বাংলাদেশৰ পৰা লৈ অনা হৈছিল যুৱতীকেইগৰাকীক। সীমান্তৰক্ষীক মেনেজ কৰি কাঁইটীয়া তাঁৰৰ তলেৰে মেঘালয়ত বাংলাদেশৰ যুৱতী। ৬ যুৱতীক নাৰী দেহ ব্যৱসায় চক্ৰটোৱে লৈ গৈছে তামিলনাডুলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...