অৱশেষত গ্ৰেপ্তাৰ নীলা ছবি নিৰ্মাণৰ পৰিকল্পনা ৰছা ৫ অভিযুক্ত

অৱশেষত গ্ৰেপ্তাৰ নীলা ছবি নিৰ্মাণৰ পৰিকল্পনা ৰছা ৫ অভিযুক্ত। কেনেকৈ গুৱাহাটীলৈ আহিল বাংলাদেশৰ যুৱতী? সমগ্ৰ বিষয়টোত মৌন মহানগৰ আৰক্ষী। কেইটামান টকাৰ বিনিময়ত সীমান্ত পাৰ কৰোৱাইছিল বাংলাদেশী যুৱতীক? লাষ্টগেটৰ হোটেলৰ কোঠাৰ পৰা আটক হৈছিল ৫ অভিযুক্ত। আৰক্ষীয়ে উদ্ধাৰ কৰিছিল বাংলাদেশৰ যুৱতীগৰাকীক। গ্ৰেপ্তাৰ জাহাংগীৰ আলম-ছফিকুল ইছলাম-ছফিকুল হক, ছাদ্দাম হুছেইন, মোল্লা জাহাংগীৰ। ৩১ জানুৱাৰীৰ পৰা হোটেলৰ কোঠাত আছিল বাংলাদেশৰ যুৱতীগৰাকী। গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাইছিল দিছপুৰ আৰক্ষীয়ে। হাতীগাঁৱৰ জাকিৰ নামৰ যুৱকে যুৱতীগৰাকীক চমজাই দিছিল জাহাংগীৰ–ছফিকুলক। ৭ হাজাৰ টকাৰ বিনিময়ত জাকিৰে যুৱতীগৰাকীক দিছিল জাহাংগীৰ-ছফিকুলক। জাকিৰৰ সন্ধান উলিওৱাত এতিয়াও ব্যৰ্থ মহানগৰ আৰক্ষী। বাংলাদেশৰ পৰা মেঘালয় হৈ অসমলৈ অনা হৈছিল ৭ যুৱতীক। কোনো নথি নোহোৱাকৈ বাংলাদেশৰ পৰা লৈ অনা হৈছিল যুৱতীকেইগৰাকীক। সীমান্তৰক্ষীক মেনেজ কৰি কাঁইটীয়া তাঁৰৰ তলেৰে মেঘালয়ত বাংলাদেশৰ যুৱতী। ৬ যুৱতীক নাৰী দেহ ব্যৱসায় চক্ৰটোৱে লৈ গৈছে তামিলনাডুলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...