ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ গুণৱালী বিকাশৰ উদ্দেশ্যে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ৰ উদ্যোগত ২০ জুলাইৰ পৰা ২২ জুলাইলৈ তিনিদিনীয়া এক ‘সমাজ সেৱা কাৰ্যসূচী’ সফলতাৰে অনুষ্ঠিত হৈ যায়।

কাৰ্যসূচীৰ প্ৰথম দিনা ডি.এল.এড চতুৰ্থ ষান্মাসিকৰ প্ৰশিক্ষাৰ্থীসকলে ডায়েট চৌহদত সৰ্বাত্মক স্বচ্ছতা অভিযান চলায়। প্ৰবক্তা সৰল কুমাৰ দাস আৰু বেঞ্জামিন বুঢ়াগোহাঁইয়ে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী মুকলি কৰি শিক্ষক প্ৰশিক্ষণত সমাজ সেৱাৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে। তেওঁলোকে কয় যে এজন শিক্ষকৰ দায়িত্ব কেৱল শ্ৰেণীকোঠাতে আৱদ্ধ নহয়, সমাজত ইতিবাচক মূল্যবোধ গঢ়ি তোলাটোও সমানেই গুৰুত্বপূৰ্ণ। ইয়াৰ পাছতে প্ৰশিক্ষাৰ্থীসকলক পাঁচটা গোটত বিভক্ত কৰি সমগ্ৰ চৌহদ, উদ্যান আৰু মুখ্য সংযোগকাৰী পথছোৱা পৰিষ্কাৰ কৰা হয়| দ্বিতীয় দিনা প্ৰশিক্ষাৰ্থীসকলে ডায়েটৰ শ্ৰেণীকোঠাসমূহ, বিজ্ঞান পৰীক্ষাগাৰ, ইচিচিই পৰীক্ষাগাৰ, শৈক্ষিক বিষয়াসকলৰ কোঠা, বাৰাণ্ডা আৰু চৌহদৰ উদ্যান পৰিষ্কাৰ কৰে। অলাগতিয়াল সামগ্ৰী আঁতৰাই শিক্ষণ-শিক্ষণ সামগ্ৰী আৰু নথি-পত্ৰসমূহ সুন্দৰকৈ সজাই এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলা হয়। কাৰ্যসূচীৰ অন্তিম অৰ্থাৎ তৃতীয় দিনা ঐতিহাসিক ‘শ্ৰীশ্ৰী মায়ামৰা দিনজয় সত্ৰ’ত চাফাই অভিযান চলোৱা হয়। প্ৰশিক্ষাৰ্থীসকলে প্ৰাৰ্থনাৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰি সত্ৰ চৌহদ, প্ৰেক্ষাগৃহ আৰু সংযোগকাৰী পথসমূহ পৰিষ্কাৰ কৰে।

১৮৩৭ চনত স্থাপিত এই ঐতিহাসিক সত্ৰখনে অতীজৰে পৰা আধ্যাত্মিক আৰু বৈষ্ণৱ সংস্কৃতিৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অভিযানৰ অন্তত সত্ৰ চৌহদত ডায়েটৰ অধ্যক্ষ মনোজ কুমাৰ সিং চৌহান, জ্যেষ্ঠ প্ৰবক্তা ভূপেন কুমাৰ দাস, প্ৰবক্তা সৰল কুমাৰ দাস, বেঞ্জামিন বুঢ়াগোহাঁই আৰু স্বৰাজ ফুকনৰ উপস্থিতিত এক বিশেষ সভা অনুষ্ঠিত হয়। সভাত সত্ৰাধিকাৰ মুকুন্দানন্দ চন্দ্ৰ গোস্বামী, নামঘৰীয়া প্ৰভাত দত্ত আৰু খাটনিয়াৰ গোবিন্দ দাস উপস্থিত থাকে। সত্ৰ কৰ্তৃপক্ষই প্ৰশিক্ষাৰ্থীসকলৰ এই কাৰ্যক ভূয়সী প্ৰশংসা কৰে আৰু অনুষ্ঠানৰ অন্তত সকলোৰে বাবে এক প্ৰীতিভোজৰ আয়োজন কৰে।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ ব্য়ৱহাৰিক শিক্ষণ আৰু সামাজিক অংশগ্ৰহণৰ আদৰ্শৰ সৈতে সংগতি ৰাখি আয়োজিত এই কাৰ্যসূচীয়ে প্ৰশিক্ষাৰ্থীসকলৰ মাজত দলীয় সংহতি, শ্ৰমৰ মৰ্যাদা, অনুশাসন আৰু সামাজিক দায়বদ্ধতা বৃদ্ধি কৰাত বিশেষ সহায় কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...

অসমৰ বিদ্যালয়ত প্ৰয়োগ হ’ব কৃত্ৰিম বুদ্ধিমত্তা: ৬টা প্ৰতিষ্ঠান আৰু IIT মাদ্ৰাজৰ সৈতে অসম চৰকাৰৰ বুজাবুজিৰ চুক্তি

অসমৰ শিক্ষাখণ্ডত কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ...