নেপালত ভয়ংকৰ বান আৰু ভূমিস্খলনে সৃষ্টি কৰা ব্যাপক ধ্বংসযজ্ঞৰ মাজতে এতিয়াও ২৭৫গৰাকী ভাৰতীয় নাগৰিক সন্ধানহীন হৈ আছে। ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, এই পৰ্যন্ত ১৬৯গৰাকী ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে সংবাদমেলত কয় যে নেপালত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। ভাৰতীয় নাগৰিকসকলৰ উদ্ধাৰৰ ক্ষেত্ৰত নেপাল চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই গ্ৰহণ কৰা পদক্ষেপৰ বাবে ভাৰতে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে।

তিব্বতত আবদ্ধ নাই কোনো ভাৰতীয় পৰ্যটক
জয়ছোৱালে লগতে স্পষ্ট কৰে যে তিব্বত স্বায়ত্তশাসিত অঞ্চলত এতিয়া কোনো ভাৰতীয় পৰ্যটক আবদ্ধ হৈ থকা নাই।
তেওঁ জনোৱা অনুসৰি, ২৬ আগষ্টত চীনত থকা ১,৯০৭গৰাকী ভাৰতীয় নাগৰিক ইতিমধ্যে নেপালত প্ৰৱেশ কৰিছে। অৰ্থাৎ, চীনৰ তিব্বত অঞ্চলত আবদ্ধ হৈ থকা ভাৰতীয় যাত্ৰীসকলৰ ক্ষেত্ৰত বৰ্তমান কোনো সমস্যা নাই বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিশ্চিত কৰিছে।
চীন-নেপাল সীমান্তত ৫,৬০০ৰো অধিক লোক সন্ধানহীন
ইফালে, নেপাল-চীন সীমান্তৰ দুয়োফালে বান আৰু ভূমিস্খলনৰ ফলত ৫,৬০০ৰো অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে। ইয়াৰ ভিতৰত প্ৰায় ৫৫০গৰাকী বিদেশী নাগৰিক বুলি জানিব পৰা গৈছে।
চীনৰ কৰ্তৃপক্ষই তিব্বতত ২১গৰাকী লোকৰ মৃত্যু আৰু ৫৪১গৰাকী লোক সন্ধানহীন হৈ থকাৰ তথ্য প্ৰকাশ কৰিছে।
নেপালৰ একাধিক জলবিদ্যুৎ প্ৰকল্পতো শ শ শ্ৰমিক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। ইয়াৰে একাংশ শ্ৰমিক সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে।

নেপালৰ উদ্ধাৰ অভিযানত ভাৰতৰ সহায়
দুৰ্যোগৰ সময়ত নেপালৰ উদ্ধাৰ আৰু সাহায্য অভিযানত ভাৰতেও ব্যাপক সহায় আগবঢ়াইছে। ভাৰতৰ পৰা ৫৪গৰাকী বিশেষজ্ঞক নেপাললৈ প্ৰেৰণ কৰা হৈছে।
ইয়াৰ ভিতৰত আছে— ৩০গৰাকী সুৰংগ উদ্ধাৰ বিশেষজ্ঞ,১৯গৰাকী ফৰেনছিক বিশেষজ্ঞ,৫গৰাকী চিকিৎসকৰ এটা দল। ইয়াৰ উপৰি, ভাৰতে ৭খন বিমানৰ জৰিয়তে মুঠ ৯৫ টন সাহায্য সামগ্ৰী নেপাললৈ প্ৰেৰণ কৰিছে।

জয়ছোৱালে কয় যে ভাৰতীয় উদ্ধাৰ আৰু ফৰেনছিক দলসমূহ ইতিমধ্যে ঘটনাস্থলীত নিয়োজিত হৈ আছে আৰু নেপালৰ কৰ্তৃপক্ষৰ সৈতে সমন্বয়ৰে উদ্ধাৰ অভিযান চলাই আছে।
নেপালৰ এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত মৃতকৰ সংখ্যা ১,২০০ অতিক্ৰম কৰাৰ মাজতে সন্ধানহীন লোকসকলৰ সন্ধান আৰু উদ্ধাৰ অভিযান অধিক তীব্ৰতৰ কৰা হৈছে।
