২৬/১১ মুম্বাই আক্ৰমণত কথমপি ৰক্ষা পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০০৮ চনৰ ২৬ নৱেম্বৰৰ মুম্বাই আক্ৰমণৰ স্মৃতিৰ কথা উল্লেখ কৰি এই ঘটনাৰ অন্যতম মূল অভিযুক্ত তাহাউৰ ৰাণাৰ ভাৰতলৈ প্ৰত্যৰ্পণক সমৰ্থন জনাইছে। এটা ফেচবুক পোষ্টত তেওঁ সেই ভয়াৱহ নিশাৰ কথা স্মৰণ কৰি কয় যে, তেওঁ মুম্বাইত আছিল আৰু তাজ হোটেলত থকাৰ পৰিকল্পনা থাকিলেও শেষ মুহূৰ্তত স্থান সলনি হোৱাৰ বাবে ৰক্ষা পৰিছিল।

মুখ্যমন্ত্ৰীয়ে কয়, “সেই নিশাৰ ঘটনা মোৰ মনত চিৰকালৰ বাবে জীপাল হৈ ৰৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী (এন এছ জি)ৰ কাৰ্যকলাপ প্ৰত্যক্ষ কৰি মনত আশা জাগিছিল যে এদিন এই জঘন্য কাণ্ডৰ মাষ্টাৰমাইণ্ডসকলক শাস্তি দিয়া হ’ব।” তেওঁ প্ৰায় ডেৰ দশকৰ পাছত তাহাউৰ ৰাণাৰ প্ৰত্যৰ্পণক ন্যায়ৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰি দেশৰ নেতৃত্বৰ ওপৰত আত্মবিশ্বাস প্ৰকাশ কৰে।

তেওঁ লিখে, “যেতিয়ালৈকে আমাৰ দেশত সবল আৰু নিৰ্ণায়ক নেতৃত্ব আছে, শত্ৰুপক্ষীয় শক্তিয়ে ভাৰতৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱাৰ আগতে বহুবাৰ ভাবিবলৈ বাধ্য হ’ব।” এই প্ৰত্যৰ্পণে মুম্বাই আক্ৰমণৰ ন্যায় প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...