চিলাপথাৰৰ পৰা মেঘালয়লৈ সৰবৰাহৰ সময়তে ১২ চকীয়া ট্ৰাকসহ জব্দ ২২টাকৈ গৰু

অবৈধ গো সৰবৰাহৰ বিৰুদ্ধে মহানগৰীৰ ক্ষেত্ৰী আৰক্ষীৰ অভিযান । অভিযানত এখন ১২ চকীয়া ট্ৰাকসহ জব্দ ২২টাকৈ গৰু। ধেমাজিৰ চিলাপথাৰৰ পৰা মেঘালয়লৈ অবৈধভাৱে সৰবৰাহ কৰিছিল গৰুকেইটা। AS 09 AC 5203 নম্বৰৰ এখন বাৰচকীয়া ট্ৰাকত ২২ টাকৈ গৰু সৰবৰাহ কৰি মেঘালয়ৰ বৰ্ণিহাটলৈ লৈ গৈ আছিল। ক্ষেত্ৰী আৰক্ষীৰ এটি টহলদাৰী আৰক্ষীৰ দলে সন্দেহবশত চক্ষুৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীখন ৰখাই পৰীক্ষা কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা। ইপিনে ঘটনাৰ সৈতে জড়িত নগাঁৱৰ ৰূপহীৰ আবুল বাচৰ, মেঘালয়ৰ জোৱাইৰ এইবাৰকিউ সুমেৰ আৰু পিলাছ চায়াল নামৰ ৩জনক আটক কৰে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...