১৪৪ ধাৰা জাৰি, সকলোধৰণৰ সভা-সমদল আয়োজনত নিষেধাজ্ঞা

গণৰাজ্য দিৱসৰ পূৰ্বে আইন-শৃংখলা পৰিস্থিতিক লৈ কঠোৰ প্ৰশাসন৷ বৰপেটা জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে৷ বৰপেটাৰ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এক নিৰ্দেশনাযোগে জিলাখনত জাৰি কৰিছে ১৪৪ ধাৰা৷ জিলাখনত আজিৰেপৰা সকলোধৰণৰ সভা, সমদলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ৫ বা ৫ জনৰ অধিক ব্যক্তি একেলগ হোৱা বা সমাবেশত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে৷ আনহাতে, জিলাখনৰ ভিতৰত সকলোধৰণৰ আন্দোলনৰ কাৰ্যসূচীতো নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ ইয়াৰ লগতে দা, লাঠি বা আন যিকোনো আগ্নেয়াস্ত্ৰ লৈ ফুৰা আৰু সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি হ’ব পৰা সকলো কাৰ্য-কলাপ বন্ধৰো নিৰ্দেশ জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূচালৰ৷ আজিৰেপৰা অনিৰ্দিষ্টকালীনভাৱে জাৰি কৰা হৈছে এই নিৰ্দেশনা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...