ৰাখী বন্ধনৰ এই নিয়মসমূহ জানেনে?

ভাতৃ-ভগ্নীসকলৰ বাবে এটা পৱিত্ৰ দিন ৰাখী বন্ধন। এই দিনটোত ভগ্নীসকলে ভাতৃসকলক ৰাখী পিন্ধায় আৰু তেওঁলোকৰ জীৱনটো ভাল হোৱাৰ কামনা কৰে। ভাতৃ-ভগ্নীৰ সম্পৰ্কক অধিক সুদৃঢ় কৰিবলৈ এই উৎসৱ পালন কৰা হয়।

আপুনি বাৰু জানেনে, ৰাখী বন্ধনৰো যে কিছুমান নিয়ম আছে? যদি নাজানে তেন্তে পঢ়ক এই প্ৰতিবেদন।

ৰাখী পিন্ধোৱাৰ সময়ত ভগ্নীয়ে পশ্চিম ফালে মুখ কৰি বহি ৰাখী পিন্ধাব লাগে আৰু ভাতৃ পূব দিশে মুখ কৰি বহিব লাগে। ৰাখী পিন্ধোৱাৰ সময়ত কোনো ৰুমাল বা আন কোনো পৰিষ্কাৰ কাপোৰেৰে নিজৰ মূৰ ঢাকি ৰাখিব লাগে ভাতৃয়ে। ভাতৃৰ সোঁহাতত ৰাখী পিন্ধাব লাগে। কঁপালত আঁকি দিব লাগে চন্দনৰ ফোট। অকণমান চাউল ভাতৃৰ ওপৰত ছটিয়াই দিয়া শুভ বুলি ধৰণা কৰা হয়। ৰাখী পিন্ধাই দিয়াৰ পিছত ইজনে সিজনৰ মুখ মিঠা কৰিব লাগে।

NKTV Digital
Author: NKTV Digital

278 COMMENTS

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...