ৰাখী বন্ধনৰ এই নিয়মসমূহ জানেনে?

ভাতৃ-ভগ্নীসকলৰ বাবে এটা পৱিত্ৰ দিন ৰাখী বন্ধন। এই দিনটোত ভগ্নীসকলে ভাতৃসকলক ৰাখী পিন্ধায় আৰু তেওঁলোকৰ জীৱনটো ভাল হোৱাৰ কামনা কৰে। ভাতৃ-ভগ্নীৰ সম্পৰ্কক অধিক সুদৃঢ় কৰিবলৈ এই উৎসৱ পালন কৰা হয়।

আপুনি বাৰু জানেনে, ৰাখী বন্ধনৰো যে কিছুমান নিয়ম আছে? যদি নাজানে তেন্তে পঢ়ক এই প্ৰতিবেদন।

ৰাখী পিন্ধোৱাৰ সময়ত ভগ্নীয়ে পশ্চিম ফালে মুখ কৰি বহি ৰাখী পিন্ধাব লাগে আৰু ভাতৃ পূব দিশে মুখ কৰি বহিব লাগে। ৰাখী পিন্ধোৱাৰ সময়ত কোনো ৰুমাল বা আন কোনো পৰিষ্কাৰ কাপোৰেৰে নিজৰ মূৰ ঢাকি ৰাখিব লাগে ভাতৃয়ে। ভাতৃৰ সোঁহাতত ৰাখী পিন্ধাব লাগে। কঁপালত আঁকি দিব লাগে চন্দনৰ ফোট। অকণমান চাউল ভাতৃৰ ওপৰত ছটিয়াই দিয়া শুভ বুলি ধৰণা কৰা হয়। ৰাখী পিন্ধাই দিয়াৰ পিছত ইজনে সিজনৰ মুখ মিঠা কৰিব লাগে।

NKTV Digital
Author: NKTV Digital

278 COMMENTS

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...