কুৰিৰো অধিক বিষাক্ত সাপৰ সৈতে সহবাস কৰিলে এটা পৰিয়ালে। কিন্তু কেনেকৈ?

এইবাৰ কুকুৰ, মেকুৰী নহয় সাপৰ সৈতে সহবাস এটা পৰিয়ালৰ। হয় ঠিকেই শুনিছে এইবাৰ সাপৰ সৈতে সহবাস কৰিলে এটা পৰিয়ালে। এই ঘটনাই এতিয়া শিহৰিত কৰি তুলিছে সকলোকে। ঘটনাৰ সৱিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন।

ঘটনা এইখন অসমৰে। মৰিয়নিৰ নগাধুলি হাতীজুৰি চাহ বাগিচাৰ এটা পৰিয়ালে বিগত কেইবামাহ ধৰি কুৰিৰো অধিক বিষাক্ত সাপৰ সৈতে সহৱস্থান কৰি আহিছে। বাগিচা খনৰ শংকৰ বনিয়া নামৰ লোকজনৰ বাসগৃহত ঘটনা সংঘটিত হৈছে। ঘৰৰ গৰাকীয়ে জনোৱা মতে, বিগত কিছুদিন ধৰি এডাল প্ৰকাণ্ড চকৰী ফেটী সাপ বাসগৃহত বিচৰন কৰা প্ৰত্যক্ষ কৰিছিল পৰিয়ালটোৰ সদস্য সকলে। পৰিয়ালটোৱে সাপ ডাল ঘৰৰ পৰা বাহিৰলৈ বাৰে বাৰে উলিয়াই পঠাইছিল যদিও পুনৰ সাপডাল ঘৰত প্ৰৱেশ কৰি এটা নিদিষ্ট কোঠাৰ মাটিৰ তলৰ গাঁতত আশ্ৰয় লয়। আনফালে বৃহস্পতিবাৰে সেই কোঠাটোত সাপৰ কেইবাটাও পোৱালী উদ্ধাৰ হোৱাত পৰিয়ালটো অধিক আতংকিত হৈ পৰে। আতংকিত পৰিয়ালটোৱে সৰ্প বিশেষজ্ঞ অনিল তাছাক এই সন্দৰ্ভত অৱগত কৰে। সৰ্প বিশেষজ্ঞ অনিল তাছাই ব্যক্তি গৰাকীৰ বাসগৃহত উপস্থিত হৈ উক্ত কোঠাটোৰ পৰা সৰু ডাঙৰ ত্ৰিশটাৰো অধিক চকৰী ফেটী সাপৰ পোৱালী উদ্ধাৰ কৰে। বৃহৎ সংখ্যত সাপ উদ্ধাৰ হোৱা পাছতহে পৰিয়ালটো অৱগত হয় যে বিগত দিনসমুহত তেওঁলোকে বিষাক্ত সাপৰ সৈতে সহবাস কৰি আছিল। বৰ্তমান সাপ সমুহ সুৰক্ষিত ভাৱে উদ্ধাৰ কৰি গিবন অভয়াৰন্যত মুকলি কৰি দিয়া হ’ব বুলি জানিবলৈ দিছে সৰ্প বিশেষজ্ঞ অনিল তাছাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ইলন মাস্কৰ ষ্টাৰলিংকে ভাৰতীয় কোম্পানীতকৈ ৮০-৯০ গুণ দ্ৰুত গতিত প্ৰদান কৰিব ইন্টাৰনেট সেৱা

ইলন মাস্কৰ ষ্টাৰলিংক উপগ্ৰহ নেটৱৰ্কে ভাৰতৰ সৰ্বত্ৰ টেৰাবিট-স্কেলৰ সংযোগ...

ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তি ঘোষণা নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ; কোনে কোনে আবেদন কৰিব পাৰিব?

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে একচনীয়ভাৱে প্ৰস্তুত কৰা নিউজিলেণ্ড...

মহানগৰীৰ কেইবাখনো পাহাৰত বনজুইৰ বিভীষিকা

যেন ৰুষ্ট হৈছে প্ৰকৃতি। মহানগৰীৰ কেইবাখনো পাহাৰত বনজুইৰ বিভীষিকা।...

পৃথিৱীমুখী সুনীতা উইলিয়ামছলৈ প্ৰধানমন্ত্ৰী মোদীৰ চিঠি

পৃথিৱীমুখী সুনীতা উইলিয়ামছলৈ প্ৰধানমন্ত্ৰী মোদীৰ চিঠি। ঘূৰি আহিলে ভাৰতলৈ...