কুৰিৰো অধিক বিষাক্ত সাপৰ সৈতে সহবাস কৰিলে এটা পৰিয়ালে। কিন্তু কেনেকৈ?

এইবাৰ কুকুৰ, মেকুৰী নহয় সাপৰ সৈতে সহবাস এটা পৰিয়ালৰ। হয় ঠিকেই শুনিছে এইবাৰ সাপৰ সৈতে সহবাস কৰিলে এটা পৰিয়ালে। এই ঘটনাই এতিয়া শিহৰিত কৰি তুলিছে সকলোকে। ঘটনাৰ সৱিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন।

ঘটনা এইখন অসমৰে। মৰিয়নিৰ নগাধুলি হাতীজুৰি চাহ বাগিচাৰ এটা পৰিয়ালে বিগত কেইবামাহ ধৰি কুৰিৰো অধিক বিষাক্ত সাপৰ সৈতে সহৱস্থান কৰি আহিছে। বাগিচা খনৰ শংকৰ বনিয়া নামৰ লোকজনৰ বাসগৃহত ঘটনা সংঘটিত হৈছে। ঘৰৰ গৰাকীয়ে জনোৱা মতে, বিগত কিছুদিন ধৰি এডাল প্ৰকাণ্ড চকৰী ফেটী সাপ বাসগৃহত বিচৰন কৰা প্ৰত্যক্ষ কৰিছিল পৰিয়ালটোৰ সদস্য সকলে। পৰিয়ালটোৱে সাপ ডাল ঘৰৰ পৰা বাহিৰলৈ বাৰে বাৰে উলিয়াই পঠাইছিল যদিও পুনৰ সাপডাল ঘৰত প্ৰৱেশ কৰি এটা নিদিষ্ট কোঠাৰ মাটিৰ তলৰ গাঁতত আশ্ৰয় লয়। আনফালে বৃহস্পতিবাৰে সেই কোঠাটোত সাপৰ কেইবাটাও পোৱালী উদ্ধাৰ হোৱাত পৰিয়ালটো অধিক আতংকিত হৈ পৰে। আতংকিত পৰিয়ালটোৱে সৰ্প বিশেষজ্ঞ অনিল তাছাক এই সন্দৰ্ভত অৱগত কৰে। সৰ্প বিশেষজ্ঞ অনিল তাছাই ব্যক্তি গৰাকীৰ বাসগৃহত উপস্থিত হৈ উক্ত কোঠাটোৰ পৰা সৰু ডাঙৰ ত্ৰিশটাৰো অধিক চকৰী ফেটী সাপৰ পোৱালী উদ্ধাৰ কৰে। বৃহৎ সংখ্যত সাপ উদ্ধাৰ হোৱা পাছতহে পৰিয়ালটো অৱগত হয় যে বিগত দিনসমুহত তেওঁলোকে বিষাক্ত সাপৰ সৈতে সহবাস কৰি আছিল। বৰ্তমান সাপ সমুহ সুৰক্ষিত ভাৱে উদ্ধাৰ কৰি গিবন অভয়াৰন্যত মুকলি কৰি দিয়া হ’ব বুলি জানিবলৈ দিছে সৰ্প বিশেষজ্ঞ অনিল তাছাই৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...