এখন উজ্জ্বল ছালৰ অধিকাৰী হব বিচাৰে? সেৱন কৰক এইসমূহ পানীয়..

গ্ল’য়িং স্কিন বা উজ্জ্বল ছাল বৰ্তমান সময়ৰ প্ৰতিগৰাকী ব্যক্তিয়েই বিচাৰে। এখন উজ্জ্বল ছালৰ বাবে প্ৰতিগৰাকী ব্যক্তিয়েই বিভিন্ন ধৰণৰ প্ৰসাধন ব্যৱহাৰ কৰি আহিছে। কিন্তু তাৰ পাছতো বহু সময়ত সেই সামগ্ৰীসমূহৰ পৰা সুফল পোৱা নাযায়। সেইবাবেই আজি আমি আপোনাক এনেকেইবিধমান পানীয়ৰ বিষয়ে জনাম, যি কেইবিধ পানীয় গ্ৰহণ কৰি আপুনিও আপোনাৰ ছালখন উজ্জ্বল কৰি তুলিব পাৰিব। তেন্তে জানো আহকচোন কি কি পানীয় সেৱন কৰিনো আপুনি আপোনাৰ ছালখন উজলাই তুলিব পাৰিব।

পানী : আমাৰ ছালখন উজ্জ্বল কৰাৰ ক্ষেত্ৰত পানীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। পানীয়ে আমাৰ শৰীৰৰ পৰা অলাগতিয়াল দ্ৰব্য সমূহ ওলাই যোৱাত সহায় কৰে। যাৰ ফলত আমি এখন সুন্দৰ ছাল লাভ কৰিব পাৰো। গতিকে আপুনিও যদি আপোনাৰ ছালখন উজ্জ্বল আৰু সতেজ কৰি ৰাখিব বিচাৰে তেন্তে আজিৰে পৰাই দৈনিক ৮-১০গিলাচ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক।

গৰম পানী আৰু নেমুৰ ৰস : গৰম পানীৰ আৰু নেমুৰ ৰসে আমাৰ শৰীৰ পৰিস্কাৰ(DETOX) কৰাত সহায় কৰে, যাৰ ফলত আমি এখন উজ্জ্বল ছাল লাভ কৰিব পাৰো।

ফলৰ ৰস : ফলৰ ৰসত আমাৰ ছালৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধৰণৰ ভিটামিন পোৱা যায়। যি সমূহ ভিটামিনে আমাৰ ছালখন উজ্জ্বল আৰু সতেজ কৰি ৰাখে। গতিকে আপুনিও যদি আপোনাৰ ছালখন উজলাই তুলিব বিচাৰে, তেন্তে এতিয়াৰে পৰাই দৈনিক ফলৰ ৰস সেৱন কৰাৰ
অভ্যাস গঢ়ি তোলক।

গ্ৰীণ টি : আমাৰ ছালখন উজ্জ্বল কৰাৰ ক্ষেত্ৰত গ্ৰীণ টিয়েও এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বিশেষকৈ আপুনি যদি একনি (ACNE)ৰ দৰে সমস্যাত ভুগি আছে, তেন্তে আপুনি গ্ৰীণ টিৰ লগত নেমুৰ ৰস মিহলাই সেৱন কৰিলে আপুনি সমস্যাৰ পৰা যথেষ্ট সকাহ পাব পাৰে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...