অনিমেষ হত্যাকাণ্ড : আৰক্ষীৰ জালত আৰু এজন অভিযুক্ত

যোৰহাটত সংঘটিত হোৱা সেই নৃশংস, বৰ্বৰ ঘটনাত জড়িত থকাৰ অভিযোগত আৰু এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যোৰহাট আৰক্ষী। সদৌ অসম ছাত্ৰ সন্থাৰ নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰে সুশান্ত শৰ্মা নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গুৱাহাটীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বালিগাঁৱৰ সুশান্ত শৰ্মাক।

অনিমেষ হত্যাকাণ্ডৰে জড়িতৰ অভিযোগত এইপৰ্যন্ত ১৫জনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য যে এদল লোকে অতি বৰ্বৰভাৱে আক্ৰমণ চলাইছিল অনিমেষ ভূঞাৰ লগতে প্ৰণয় আৰু মৃদুস্মন্ত নামৰ আন দুই বন্ধক। হাস্পতাললৈ নিয়াৰ পথতে অনিমেষে মৃত্যুক সাৱটি লোৱাৰ বিপৰীতে অনিমেষৰ দুই বন্ধ প্ৰণয় আৰু মৃদুস্মন্ত সম্প্ৰতি চিকিত্সাধীন হৈ আছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...