অনিমেষ হত্যাকাণ্ড : আৰক্ষীৰ জালত আৰু এজন অভিযুক্ত

যোৰহাটত সংঘটিত হোৱা সেই নৃশংস, বৰ্বৰ ঘটনাত জড়িত থকাৰ অভিযোগত আৰু এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যোৰহাট আৰক্ষী। সদৌ অসম ছাত্ৰ সন্থাৰ নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰে সুশান্ত শৰ্মা নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গুৱাহাটীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বালিগাঁৱৰ সুশান্ত শৰ্মাক।

অনিমেষ হত্যাকাণ্ডৰে জড়িতৰ অভিযোগত এইপৰ্যন্ত ১৫জনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য যে এদল লোকে অতি বৰ্বৰভাৱে আক্ৰমণ চলাইছিল অনিমেষ ভূঞাৰ লগতে প্ৰণয় আৰু মৃদুস্মন্ত নামৰ আন দুই বন্ধক। হাস্পতাললৈ নিয়াৰ পথতে অনিমেষে মৃত্যুক সাৱটি লোৱাৰ বিপৰীতে অনিমেষৰ দুই বন্ধ প্ৰণয় আৰু মৃদুস্মন্ত সম্প্ৰতি চিকিত্সাধীন হৈ আছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...