এটা মাহ সম্পূৰ্ণ কৰিলে ইচিতাৰ সন্তানে…

অজয় দেৱগনৰ অন স্ক্ৰীণ জীয়ৰী অৰ্থাত অভিনেত্ৰী ইচিতা দত্তই বৰ্তমান মাতৃত্বৰ মধুৰ সময়খিনি উপভোগ কৰিছে। ইচিতাৰ কণমানি সন্তান বায়ুৰ বর্তমান ১মাহ হৈছে।

শেহতীয়াকৈ ইচিতাই তেওঁৰ INSTAGRAMৰ জৰিয়তে এটা ভিডিঅ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত ইচিতাৰ কণমানি সন্তানক শুই থকা দেখিবলৈ পোৱা গৈছে। তেতিয়াই অভিনেত্ৰীগৰাকীয়ে কণমানি সন্তানটিৰ ওচৰত শুই পৰেগৈ আৰু সন্তানটিৰ হাতত চুমা খাইগৈ। অভিনেত্ৰীগৰাকীৰ মুখত ফুটি উঠা সুখৰ অভিব্যক্তিৰ পৰা বুজা গৈছে যে সন্তানৰ আগমনত তেওঁ বহুত সুখী অনুভৱ কৰিছে। ইচিতাৰ অনুৰাগীসকলে এই ভিডিঅ’টোত কমেণ্ট কৰি অভিনেত্ৰীগৰাকীক মৰম দিয়া দেখিবলৈ পোৱা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাই...

হঠাতে চেনি খোৱা বন্ধ কৰিলে শৰীৰত কি কি সমস্যা হ’ব পাৰে?

চেনি নোখোৱাটো সদায় স্বাস্থ্যৰ বাবে ভাল। কিন্তু হঠাৎ চেনি...

ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পিছতে প্ৰকাশ পালে উপগ্ৰহৰ প্ৰথমখন ছবি

দেওবাৰ পুৱতি নিশা (ভাৰতীয় সময় অনুসৰি) ইৰাণৰ তিনিটা পৰমাণু...

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক। ইংলেণ্ডৰ বাৰ্মিংহামৰ পৰা বিমানখন দিল্লীলৈ...